ডাউনলোড
মোবাইল এপ

android apple
signal

September 2, 2025 11:41 AM | btc election nomination

printer

বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ আজি অন্তিম দিন; কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

সমাগত বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কালি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ বাবে কালি ২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীকেইগৰাকীয়ে কালি মনোনয়ন জমা দিয়ে। ইয়াৰ ভিতৰত কোকৰাঝাৰত ৯ গৰাকী, গোসাঁইগাঁৱৰ ৫টা সমষ্টিত ১৮ গৰাকী আৰু পৰ্বতঝোৰাত দুগৰাকীয়ে মনোনয়ন দাখিল কৰে। জিলাখনত কালি বি টি চি নিৰ্বাচনৰ বাবে ইউ পি পি এল দলে তৃতীয়খন প্ৰাৰ্থীৰ তালিকাও ঘোষণা কৰে।  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীয়ে ইউ পি পি এল দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাঙত বি পি এফৰ জ্যেষ্ঠ নেতা আৰু সভাপতি হাগ্ৰামা মহিলাৰীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ ৭টা পৰিষদীয় সমষ্টিত কালি ১৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বি পি এফৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে৷ বাক্সা জিলাত ১০ গৰাকী প্ৰাৰ্থীয়ে কালি মনোনয়ন দাখিল কৰে। জিলা নির্বাচনী বিষয়াৰ ওচৰত ইউ পি পি এল, জি এছ পি, অবড়ো সুৰক্ষা সমিতি, ভি পি আই আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন জমা দিয়ে। দিহিৰা পৰিষদীয় সমষ্টিত গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ঘনশ্যাম দাসে বাক্সা জিলাৰ আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। গয়বাৰী সমষ্টিত ইউ পি পি এলৰ হৈ প্ৰমোদ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ পাছত বি টি আৰৰ প্ৰধানগৰাকীয়ে বি টি আৰ অঞ্চলৰ ৩৫ লাখ জনসাধাৰণৰ আশীর্বাদ লৈ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি দাবী কৰে। জিলাখনৰ পাঁচটা সমষ্টিত ২০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ওদালগুৰি জিলাত কালি ১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ২২ ছেপ্টেম্বৰত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে আটাইকেইটা ৰাজনৈতিক দলে প্রার্থীৰ তালিকা প্রকাশ কৰিছে। কালি ৰাইজৰ দল আৰু এ আই ইউ ডি এফ দলেও প্রার্থীৰ তালিকা ঘোষণা কৰে। ইপিনে, প্ৰতিটো ৰাজনৈতিক দলে বি টি আৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।