ডাউনলোড
মোবাইল এপ

android apple
signal

September 15, 2025 11:44 AM | btc election campaign

printer

বিটিআৰত শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ

বিটিচি নির্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, ইউ পি পি এলৰ মুৰব্বী প্রমোদ বড়ো, বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই নিজৰ নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ সুস্মিতা দেৱে কালি চিৰাং জিলাৰ পদ্মপুৰত কাজলগাঁও পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী জিতেন নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লয়। শ্রীমতী দেৱে কংগ্ৰেছ দলক সমালোচনা কৰি কংগ্ৰেছে এই পৰিষদীয় নির্বাচনত বিজেপিক সহায় কৰিবলৈহে প্ৰাৰ্থী দিয়া বুলি অভিযোগ কৰে। বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বনজাৰ দৈমাৰীৰ সমৰ্থনত প্ৰচাৰ চলায়। শ্রীমহিলাৰীয়ে এখন বিশাল জনসভাক সম্বোধি কয়, যে ইউ পি পি এল দলৰ পূৰ্বৰ পাৰিষদ দিলীপ বড়োৱে বৃহত্তৰ খালিংদুৱাৰ সমষ্টিৰ জনসাধাৰণৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব দিয়া নাছিল। তেওঁ লগতে ইউ পি পি এলৰ পাৰিষদগৰাকী বিভিন্ন জনগোষ্ঠীৰ সৈতে সুসম্পর্ক বজাই ৰখাত ব্যৰ্থ হোৱা বুলিও সমালোচনা কৰে। বিধায়ক দুৰ্গা দাস বড়ো, বি পি এফৰ জ্যেষ্ঠ নেত্রী কমলা বসুমতাৰীকে ধৰি কেইবাগৰাকী শীর্ষ নেতাই অংশগ্ৰহণ কৰা এই সভাত হাগ্ৰামা মহিলাৰীয়ে বি টি চি নিৰ্বাচনত বি পি এফ দল একক সংখ্যাগৰিষ্ঠতাৰে জয়ী হ’ব বুলি দাবী কৰে। ইপিনে, বি টি আৰৰ মুৰববী তথা ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে সাংসদ জয়ন্ত বসুমতাৰীৰ সৈতে কালি চৰাইবিল পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাজু কুমাৰ নাৰ্জাৰীৰ সমৰ্থনত হাতীগড় আৰু গুৰুফেলাত বিশাল নির্বাচনী সভাত অংশ লয়। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই কালি সন্ধিয়া থুৰিবাৰী সমষ্টিৰ কংগ্ৰেছ প্রার্থী জমছেৰ আলীৰ সমৰ্থনত পুৰাণ বিজনীত প্ৰচাৰ চলায়। সভাত প্রাক্তন সাংসদ আব্দুল খালেক আৰু বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰো উপস্থিত থাকে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাঙত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ আজি জিলাখনৰ ১৪ নম্বৰ চিৰাং সমষ্টিৰ দলীয় প্রার্থী সৌমথৌৰ ব্ৰহ্মৰ হৈ প্ৰচাৰ সভাত অংশগ্রহণ কৰাৰ লগতে ১৯ নম্বৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ হৈ উলুবাৰীত প্ৰচাৰ চলাব । মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে কালি নিশা চিৰাঙত নিৰ্বাচনী হিংসা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। চিৰাঙৰ নিছিমা পৰিষদীয়া সমষ্টিত কালি নিশা ইউ পি পি এলৰ কৰ্মী, সমৰ্থকে বি পি এফৰ ৩ খন গাড়ীত আক্ৰমণ কৰাৰ লগতে কেইবাজনো কর্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। নিছিমা সমষ্টিৰ বৰ্তমানৰ পাৰিষদ তথা বি পি এফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে শীঘ্ৰে দোষীক আটক কৰাৰ দাবী জনাইছে।