ডাউনলোড
মোবাইল এপ

android apple
signal

September 18, 2025 7:59 PM | BTC election

printer

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ; বাক্সাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ দুদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ হৈ দলটোৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সা জিলাৰ দিহিৰা, হজুৱা আৰু ককলাবাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ড০ শৰ্মাই আজি ওদালগুৰি জিলাতো কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে তামুলপুৰ জিলাৰ দৰঙাজুলিত আয়োজিত নিৰ্বাচনী সভাত অংশ লয়। এই নির্বাচনত বিজেপি একক সংখ্যাগৰিষ্ঠ দল হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া আজি গোৰেশ্বৰ পৰিষদীয় সমষ্টিত দলৰ পৰিষদীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি কচুগাঁও সমষ্টিত ইউ পি পি এল প্রার্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লয়।

কংগ্ৰেছ দলৰ শীৰ্ষ নেতা তথা অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি বাক্সা জিলাৰ শালবাৰী আৰু ককলাবাৰীত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গগৈয়ে বিজেপিয়ে বিপিএফ আৰু ইউ পি পি এলৰ সৈতে একজোট হৈ চলোৱা দুটা শাসনকালত বিটিচিৰ খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ পট্টা প্ৰদান নকৰিলে বুলি অভিযোগ কৰে আৰু এইবাৰৰ বিটিচি নিৰ্বাচনত ৰাইজে বিবেকৰ আহ্বান অনুসৰি ভোটদান কৰিব বুলি মন্তব্য কৰে।

চিৰাং জিলাৰ কাজলগাঁৱত আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেল চমুকৈ ভি পি আইয়ে নির্বাচনী প্ৰচাৰ চলায়। ইউ পি পি এলৰ ছালাকাটি সমষ্টিৰ প্ৰাৰ্থী লৰেন্স ইছলাৰী আৰু সমষ্টিটোৰ বি পি এফৰ প্ৰাৰ্থী ডেৰহাছাত বসুমতাৰীয়ে আজি প্ৰচাৰ সভাত অংশ লৈ ভোটদাতাৰ মন জয় কৰাৰ চেষ্টা চলায়।

বিটিচি পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰত-ভূটান সীমান্তৰ প্ৰৱেশদ্বাৰ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ভোটগ্ৰহণৰ পূৰ্বে ১৯ ছেপ্তেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ২৩ ছেপ্তেম্বৰৰ পুৱা ৬ বজালৈ এই প্ৰৱেশদ্বাৰ বন্ধ থাকিব। একেদৰে ২৬ ছেপ্তেম্বৰত ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ২৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ ছেপ্তেম্বৰৰ পুৱা ৬ বজালৈ জমছতংখা, ছানদ্ৰুপ জাংখাৰ, নামলাং, পানবাং, গেলেফু আৰু নাহৰণিৰ প্ৰৱেশদ্বাৰ বন্ধ থাকিব।