আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ ১৮ নম্বৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। দিনৰ ভাগত পৰিষদীয় সমষ্টিটোৰ অধীনৰ আনন্দ বজাৰৰ ৰাজহুৱা খেল-পথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি মুছলপুৰ পৰিষদীয় সমষ্টিৰ বৰমাতো নিৰ্বাচনী প্ৰচাৰ চলাব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই বৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত নির্বাচনী সভাত অংশগ্রহণ কৰিব।
মুখ্যমন্ত্ৰীয়ে কালি ওদালগুৰি জিলাত ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জৌশাং বড়োৰ সমৰ্থনত ডিমাকুছিত নির্বাচনী সভাত অংশ লয়। এই উপলক্ষে দিয়া ভাষণত ড° শৰ্মাই এইবাৰ বিটিচিত বিজেপি চৰকাৰ গঠনত সহায় কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। বিটিচিত শান্তি আৰু উন্নয়নৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত উগ্ৰপন্থী সমস্যাৰ সমাধান সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ এই নিৰ্বাচনত বিজেপি জয়ী হ’লে নিবনুৱা সমস্যা সমাধানৰ উপৰি বিটিআৰত মানৱ সম্পদ সৃষ্টিৰ বাবে কাম কৰিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আজি বিজেপিয়ে নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব বুলি ঘোষণা কৰে। ড° শৰ্মাই তামুলপুৰ জিলাত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দেহাছাৰ নাৰ্জাৰীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ লয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লয়।
ইপিনে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি মানস চেৰফাং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্রার্থী অবিনাশ ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত কালি এখন নিৰ্বাচনী সভাত ভাগ লয়। কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদীয় সমষ্টিত আজি বিটিআৰৰ মুৰববী প্রমোদ বড়োৱে ইউ পি পি এলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ প্ৰচাৰ চলায়।
বিটিচি নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে ওজৰ-আপত্তি নিষ্পত্তি প’ৰ্টেল মুকলি কৰিছে। জনসাধাৰণে আদর্শ নির্বাচনী আচৰণ বিধি-উলংঘাৰ বিষয়ে ফটো অথবা ভিডিঅ’ প্ৰমাণসহ এই প’ৰ্টেলযোগে অৱগত কৰিব পাৰিব আৰু অভিযোগৰ স্থিতি সন্দৰ্ভত জানিব পাৰিব।