বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত কালি বি পি এফ দলে ব্যাপক প্ৰচাৰ চলায়। দলৰ প্ৰাৰ্থী চৌগমচাৰ বড়োৰ হৈ কৰা প্ৰচাৰত কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। দলৰ নেতাসকলে এইবাৰ বি টি আৰত বি পি এফ দলে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সমৰ্থ হ’ব বুলি আশা প্রকাশ কৰে। ইপিনে, জিলাখনৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ভালাগুৰিত কালি ইউ পি পি এল দলৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। মহিলা সমিতিয়ে দলটোৰ প্ৰাৰ্থী জয় মুছাহাৰীৰ হৈ চলোৱা প্ৰচাৰত জনসাধাৰণক প্ৰাৰ্থীৰ্গৰাকীক জয়ী কৰিবলৈ আহ্বান জনায়। চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাইছে। বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্রাক্তন সাংসদ পল্লৱ লোচন দাসে কালি বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী কার্যালয় মুকলি কৰে। অনুষ্ঠানত ১৩ নম্বৰ চিৰাং পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী সৌমথৌৰ ব্ৰহ্মকে ধৰি স্থানীয় নেতাসকল উপস্থিত থাকে। জিলাখনৰ নিচিমা পৰিষদীয় সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ হৈ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কালি প্ৰচাৰ চলায়। নিজৰ ভাষণত শ্ৰী ব্ৰহ্মই এইবাৰ ইউ পি পি এল দলে একক সংখ্যা গৰিষ্ঠতাৰে পৰিষদ গঠন কৰিব বুলি দাবী কৰে। বিটিআৰৰ অন্তৰ্গত তামুলপুৰ, কোকৰাঝাৰ আৰু ওদালগুৰি জিলাতো বিজেপি, কংগ্ৰেছ, ইউপিপিএল, বিপিএফকে ধৰি দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এইবাৰৰ নিৰ্বাচনত বিজেপিয়েও শক্তিশালী প্রতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দৰং জিলা ভ্রমণকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
Site Admin | September 10, 2025 11:28 AM | BTC election
বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীৱ্ৰ প্ৰচাৰ অভিযান
