ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 4, 2025 6:54 PM | BTC election

printer

সমাগত বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

সমাগত বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি ইউ পি পি এলৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্মৰ সমৰ্থনত বানৰগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ বাবে সাংসদ জয়ন্ত বসুমতাৰীয়ে আজি নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে। তেওঁ কয়, যে এইবাৰ কেন্দ্ৰীয়ভাৱে এখন নির্বাচনী সমিতি থাকিব আৰু সমষ্টিভিত্তিত একোখনকৈ নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হ’ব ।

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক তথ্য আয়োগৰ সচিব অতুল কুমাৰ শৰ্মা আৰু ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব ক্ষিতীশ চন্দ্ৰ পেগু কালি তামুলপুৰত উপস্থিত হয়। নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।