অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি বিয়লি ৪ বজাত সামৰণি পৰে। তামুলপুৰত পাঁচটা পৰিষদীয় সমষ্টিৰ একাংশ প্রার্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গোৰেশ্বৰ সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত জমা কৰা হয়। দৰঙাজুলি সমষ্টিত তিনিগৰাকী প্ৰাৰ্থী বি পি এফৰ ইমানুৱেল মুছাহাৰী, ইউ পি পি এলৰ জলেন দৈমাৰী আৰু নিৰ্দলীয় মনোজ গয়াৰীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। নাগ্ৰীজুলি সমষ্টিত ৬গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াৰে পাঁচগৰাকী নিৰ্দলীয় আৰু এগৰাকী ইউ পি পি এলৰ প্ৰাৰ্থী। গয়বাৰী সমষ্টিত বি পি এফৰ জিতেন মুছাহাৰী, ইউ পি পি এলৰ প্রমোদ বড়ো, কংগ্ৰেছৰ ৰুমী সিং মুছাহাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰদীপ ৰাভা নামৰ এজন নিৰ্দলীয় প্রার্থীয়েও আজি সমষ্টিটোত মনোনয়ন পত্র জমা দিয়ে। শুক্লাই চেৰফাং সমষ্টিত বি পি এফৰ গণেশ কছাৰী, ইউ পি পি এলৰ প্ৰদীপ নাৰ্জাৰী আৰু নাইবেন্দ্ৰ বড়ো নামৰ এজন নিৰ্দলীয় প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। একেদৰে গোৰেশ্বৰ সমষ্টিত বি পি এফৰ মহেশ্বৰ বসুমতাৰী, চি পি আই এমৰ নিকুঞ্জ চৌধুৰী আৰু নিৰ্দলীয় প্রার্থী ধৰণীধৰ বড়োৱে মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ পাঁচটা সমষ্টিত সৰ্বমুঠ ২০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
কোকৰাঝাৰত দেৱৰগাঁও সমষ্টিত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি মনোনয়ন পত্ৰ জমা কৰে । বি টি চিৰ মুখ্য কাৰ্যবাহী আৰু ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱেও আজি দোতমা সমষ্টিত মনোনয়ন পত্র দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত শ্ৰীবড়োৰ সৈতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংসদ জয়ন্ত বসুমতাৰী উপস্থিত আছিল। চিৰাঙৰ থুৰিবাৰী সমষ্টিত বিজনীৰ বিধায়ক বিজেপিৰ অজয় কুমাৰ ৰায়ক প্রার্থিত্ব প্ৰদান কৰা হৈছে। দলটোৰ প্রভাত বসুমতাৰী আৰু সুভাষ চন্দ্ৰ বসমুতাৰীয়ে সুভাইঝাৰ আৰু মানাস চেৰফাং সমষ্টিত মনোনয়ন পত্র দাখিল কৰে।
বাক্সা জিলাৰ শালবাৰী মহকুমাধিপতিৰ কাৰ্যালয়ত আজি মথনগুৰি আৰু শালবাৰী সমষ্টিৰ বিজেপি প্রার্থী গৌতম দাস আৰু চক্ৰধৰ দাসে মনোনয়ন পত্র দাখিল কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিধায়ক ফণীধৰ তালুকদাৰে মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিজেপিৰ প্ৰাৰ্থীৰ্গৰাকীক সংগ দিয়ে। মনোনয়ন পত্র দাখিল কৰি বিজেপিৰ প্ৰাৰ্থী দুগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ জয় সুনিশ্চিত বুলি দাবী কৰে।
অনান্য ৰাজনৈতিক দলসমূহেও একেদৰে নিজৰ নিজৰ প্ৰাৰ্থীসকলৰ হৈ বি টি আৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে।