সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। কোকৰাঝাৰ জিলাত আজি শাসনাধিষ্ঠ ইউপিপিএল দলে নির্বাচনী কার্যালয় মুকলি কৰে । এই নির্বাচনত দলে ৪০খন আসনতে প্ৰাৰ্থী দিব বুলি ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়যে দলটোৱে ইতিমধ্যে নিৰ্বাচনৰ বাবে ১৮ জনীয়া প্রথমখন প্রার্থী তালিকা প্রকাশ কৰিছে । তামুলপুৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে সমাগত বিটিচিৰ নিৰ্বাচন উপলক্ষে পুস্তিকা, পোষ্টাৰ আদি মুদ্ৰণ সম্পৰ্কীয় কিছু বাধা নিষেধ ঘোষণা কৰিছে। মুদ্ৰক আৰু প্ৰকাশকৰ নাম-ঠিকনা আদি স্পষ্টকৈ উল্লেখ নথকা কোনো নিৰ্বাচনী পুস্তিকা বা পোষ্টাৰ মুকলি কৰিব নোৱাৰিব। এই সমূহ মুদ্ৰণ কৰিবলৈ প্ৰকাশৰ পৰিচয়ৰ ঘোষণা পত্ৰ মুদ্রকক জমা দিব লাগিব। মুদ্ৰণৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘোষণা পত্ৰ আৰু মুদ্রিত নথিপত্ৰৰ প্ৰতিলিপি জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰিব লাগিব। এনেধৰণৰ কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ তামুলপুৰ জিলাৰ সকলো প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে অহা ২২ ছেপ্টম্বৰত বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।
Site Admin | August 30, 2025 10:14 PM | BTC election
বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ; প্ৰশাসনৰ কেতবোৰ নিৰ্দশনা জাৰি
