ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 27, 2025 6:40 PM

printer

একক সংখ্যাগৰিষ্ঠতা লাভেৰে বিটিচি নিৰ্বাচনত বি পি এফ দলৰ পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন

বিটিচি নিৰ্বাচনত বি পি এফ দলে একক সংখ্যাগৰিষ্ঠতা লাভেৰে পুনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিছে। বিটিআৰৰ ৫ খন জিলাৰ ৪০টা পৰিষদীয় সমষ্টিৰ ভোটগণনাৰ অন্তত বি পি এফ দলে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে শাসনাধিস্থিত ইউ পি পি এল দলে ৭ খন আৰু বিজেপিয়ে ৫ খন আসন লাভ কৰে। জিলা প্ৰশাসনৰ কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কালিৰে পৰা অনুষ্ঠিত ভোটগণনা নিয়াৰিকৈ আজি পুৱা সমাপ্ত হয়।

উল্লেখযোগ্য যে বিটিচি প্রধান প্রমোদ বড়োৱে এই নিৰ্বাচনত গয়বাৰী সমষ্টিত জয়লাভ কৰে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰিয়ে দেবৰগাঁও সমষ্টিত জয়লাভ কৰে।
তামুলপুৰ জিলাৰ ৫টা পৰিষদীয় সমষ্টিত বিজেপিয়ে দুখন, বিপিএফে দুখন আৰু ইউ পি পি এলে এখন আসন লাভ কৰে।

বাক্সা জিলাৰ ৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩টা সমষ্টিত বি পি এফ, দুটা সমষ্টিত ইউ পি পি এল আৰু এটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হয়।

ওদালগুৰি জিলাত বি পি এফে সাতখন, বিজেপিয়ে দুখন আৰু ইউ পি পি এল দলে এখন আসন লাভ কৰে। চিৰাং জিলাৰ মুঠ ৭টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিপিএফে ৫ খন আৰু ইউ পি পি এলে দুখন আসন লাভ কৰে। জিলাখনৰ চিৰাং, কাজলগাঁও, নিচিমা, সুভাইঝাৰ আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিত বি পি এফে জয়লাভ কৰিছে। আনহাতে চিৰাং দুৱাৰ আৰু মানস ছেৰফাং সমষ্টিত ইউ পি পি এল দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে।

নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত বিপিএফ দলৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত কোকৰাঝাৰৰ বড়োলেণ্ড গেষ্ট হাউছত আজি দলটোৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নৱনিৰ্বাচিত এম চি এল সকলৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। বৈঠকত মূলতঃ বিটিআৰত চৰকাৰ গঠন কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী জয়ৰ বাবে বিপিএফক শুভেচ্ছা জনোৱাৰ লগতে এন ডি এৰ সহযোগী দল হিচাপে বিপিএফৰ সৈতে চৰকাৰে একেলগে কাম কৰিব যাব বুলিও তেওঁ কয়। বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি নিচেই পুৱা মুখ্যমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে বুলিও ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

ইপিনে বিটিচি প্রধান প্রমোদ বড়োৱে আজি এখন সংবাদমেল আয়োজন কৰি পৰিষদীয় নির্বাচন শান্তিপূর্ণভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে বিটিআৰবাসীক ধন্যবাদ জনায়। বিপিএফ দলক নির্বাচনী জয়ৰ বাবে অভিনন্দন জনাই বিটিচি প্রধানগৰাকীয়ে অনাগত দিনত বিটিআৰ চুক্তিৰ ৰৈ যোৱা দফাসমূহ সম্পূৰ্ণ কৰিবলৈ দলটোৰ মূৰববীক আহ্বান জনায়। বড়োভূমিৰ স্বাৰ্থত ইউ পি পি এল দলে বিপিএফক সমর্থন জনাব বুলিও তেওঁ কয়।