বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ’বলগীয়া এই ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্ৰশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮ দশমিক ৪-২ শতাংশ লোকে ভোটদান কৰিছিল৷ ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২ দশমিক ২-৭ শতাংশ, ওদালগুৰি জিলাৰ ১০টা সমষ্টিত ৭৫ দশমিক ১-৭ শতাংশ, তামুলপুৰ জিলাৰ ৪টা সমষ্টিত ৭৫ দশমিক ০-৯ শতাংশ, বাক্সাৰ ৬টা সমষ্টিত ৭৬ দশমিক ৯-২ শতাংশ আৰু চিৰাং জিলাৰ ৭টা সমষ্টিত ৮০ দশমিক ১-১ শতাংশ লোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল। ওদালগুৰি জিলাত এই ভোটগণনাৰ জৰিয়তে ৬৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত স্থাপন কৰা স্ট্রংৰুমত বেলট বাকচসমূহ নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে।
Site Admin | September 25, 2025 11:37 AM | BTC election
কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা
