ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 23, 2025 11:15 AM | BTC election

printer

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি কালি পুৱা পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰে ৪ বজালৈ অনুষ্ঠিত ভোটগ্ৰহণত ৭৮ দশমিক ৪-২ শতাংশ লোকে ভোটদান কৰে। আমাৰ সংবাদ দাতাসকলে জনোৱা অনুসৰি বাক্সা জিলাত ৭৬ দশমিক ৯-২ শতাংশ ভোটদান হয়। কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২ দশমিক ৩–১ শতাংশ ভোটগ্রহণ হয়। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে ভোটগ্রহণ ই ভি এমৰ পৰিৱৰ্তে বেলট পেপাৰৰ জৰিয়তে কৰা হয়। এইবাৰ নিৰ্বাচনত ৩১৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ২৬ লাখ ৫৮ হাজাৰ ১৫৩ গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে গয়বাৰী আৰু দোতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। বি পি এফৰ মুৰববী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দেৱৰ গাঁও আৰু চিৰাং দুৱাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।