ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 4, 2025 1:05 PM | BTC election

printer

অহা ছেপ্তেম্বৰত বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন

বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব আৰু বি টি চি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ওদালগুৰিত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে।

পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° শৰ্মাই কালি ওদালগুৰি জিলাৰ আৱৰ্তভৱনত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কল্যাণকামী আঁচনিৰ কামকাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত ড° শৰ্মাই অৰুণোদয় আঁচনিৰ জৰিয়তে যাতে দুখীয়া জনসাধাৰণ উপকৃত হ’ব পাৰে সেয়া নিশ্চিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। তেওঁ লগতে আগষ্টৰ পৰা ৰূপায়িত হ’বলগীয়া মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰো পৰ্যালোচনা কৰে। আঁচনিখনৰ চূড়ান্ত তালিকা প্রস্তুত কৰাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিয়লি দৰং জিলা সদৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী কমাৰপাৰত স্থাপন হ’বলগীয়া প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ স্থান পৰিদৰ্শন কৰে। ভ্রমণকালত সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই মুখ্যমন্ত্ৰীক সংগ দিয়ে।
ড০ শৰ্মাই আজি তামুলপুৰ, কাইলৈ বাক্সা জিলা, ৬ জুলাইত চিৰাং আৰু ৭ জুলাইত কোকৰাঝাৰ ভ্ৰমণ কৰিব। কাইলৈ বাক্সাৰ জালাহত ৰাইজৰ সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ দলীয় কৰ্মীৰ সৈতে বিটিচি নির্বাচন সম্পৰ্কত তেওঁ মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।