ডাউনলোড
মোবাইল এপ

android apple
signal

কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত অহা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী

কোকৰাঝাৰৰ বিটিচি বিধায়িনী ভৱনত অহা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি এই অধিৱেশনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। পৰ্যালোচনা কালত বিটিচি বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়ো, মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম বিধানসভাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। তেওঁলোকে জিলাখনত হ’বলগীয়া বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকাৰ বাবে বিভিন্ন দিশ পুংখানুপুংখভাৱে চোৱাচিতা কৰে। ইয়াৰ পাছতে শ্রীদৈমাৰীয়ে অসম বিধানসভা আৰু বিটিচিৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে বিটিচি সচিবালয়ৰ সন্মিলন কক্ষত এখন বৈঠকত মিলিত হয়। বৈঠকত অধ্যক্ষগৰাকীয়ে এই অধিবেশন নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে সকলো ব্যৱস্থা নিখুঁতভাৱে কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক