ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 14, 2025 7:41 PM | BTC

printer

বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে নৱ-নির্বাচিত ১২ জন পৰিষদৰ শপত গ্রহণ

বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে আজি নৱ-নির্বাচিত ১২ জন পৰিষদে শপত গ্রহণ কৰে। কোকৰাঝাৰৰ বডোফা নগৰত বি টি চি বিধায়িনী সভাৰ সভাকক্ষত আয়োজিত শপত গ্রহণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মুকেশ চাহুৱে নৱ-নির্বাচিত কার্যবাহী সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্রী জয়ন্ত মল্লবৰুৱা, বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰী, বি টি চিৰ বিধায়িনী সভাৰ অধ্যক্ষ ত্রিদীপ দৈমাৰী, উপাধ্যক্ষ ৰিহণ দৈমাৰীৰ লগতে পাৰিষদ আৰু শীর্ষ বিষয়াসকল উপস্থিত থাকে। কার্যবাহী সদস্য হিচাপে আজি মৃত্যুঞ্জয় নাৰ্জাৰী, মুনমুন ব্ৰহ্মা, ৰবিৰাম নাৰ্জাৰী, দেৰহাছাত বসুমতাৰী, প্রকাশ বসুমতাৰী, পানীৰাম ব্রহ্ম, বেগম আখতাৰা আহমেদ, ধীৰাজ বৰগয়াৰী, আগাষ্টাছ টিপ্পা গণেশ কছাৰী, লামশ্রাও দৈমাৰী আৰু ফ্ৰেছ মুছাহাৰীয়ে পাৰিষদ হিচাপে শপত গ্রহণ কৰে। প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলাই বি টি চিত পাৰিষদ হিচাপে শপত গ্রহণ কৰে। আজি নবগঠিত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি টি চি পৰিষদৰ কাৰ্যবাহী সদস্যৰ প্ৰথমখন বৈঠক কোকৰাঝাৰৰ বি টি চি সচিবালয়ত অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।