ডাউনলোড
মোবাইল এপ

android apple
signal

August 19, 2025 6:48 PM | BTC election

printer

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰু গোসাইগাঁৱত দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নির্বাচনত জয়ৰ লক্ষ্যৰে সভা দুখনত অংশগ্ৰহণ কৰি ড° শৰ্মাই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। বি টি আৰ বাসীৰ অভাৱ-অভিযোগ, দিহা-পৰামৰ্শ আদি সাৰোগত কৰিবলৈয়ে এই সভা সমূহৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয়, যে বিগত সময়চোৱাত বিটিআৰৰ ৰূপান্তৰৰ যাত্ৰা সাম্প্ৰতিক সময়ত উন্নয়নৰ আটাইতকৈ ইতিবাচক যাত্রা।
ইফালে,বড়োলেও ক্ষেত্রীয় পৰিষদৰ বিধানসভা কার্যালয়ত আজি পৰিষদীয় বিধায়িনী কার্যবিধি আৰু নিয়মাৱলী আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। বি টি চিৰ বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়ো, উপাধ্যক্ষ অবিৰাম মহানায়ক আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীৰ উপস্থিতিত ইংৰাজী আৰু বড়ো ভাষাত এই কাৰ্যবিধি উন্মোচন কৰা হয়।