বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক-বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। কালি বিজনীত বিজনী জিলা বিপিএফৰ উদ্যোগত আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে উলিওৱা সমদলত বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত সবাইঝাৰ, মানাস চেৰফাং আৰু থুৰিবাৰী ব্লক বি পি এফৰ কেইবাহাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে। সবাইঝাৰ ব্লক বি পি এফৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা আশীৰ্বাদ যাত্ৰা সমদলটোৰ বিজনী জিলা ক্রীড়া সন্থাৰ খেল পথাৰত সামৰণি মৰা হয়। ইয়াৰ পাছত এখন সভাৰ আয়োজন কৰা হয়। এই সভাত উপস্থিত থাকি বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে এইবাৰ বি টি চিত বি পি এফে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। ইপিনে, বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ছলিকান্দাত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে। সভাৰ অন্তত সভাপতি শ্ৰী গগৈয়ে অসমত এইবাৰ কংগ্ৰেছে অকলে নির্বাচন নেখেলাটো খাটাং বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।
Site Admin | August 18, 2025 1:06 PM | BTC election
বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত
