বি এছ এন এলে সমগ্র দেশৰ নতুন গ্রাহকসকলক উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ‘ৰ-জি প্লেন মুকলি কৰিছে। এই মাহৰ ১৫ তাৰিখৰ পৰা অহা ১৫ নৱেম্বৰলৈ এই ফ‘ৰ-জি প্লেনৰ ম্যাদ থাকিব। এই সময়ছোৱাত গ্রাহকসকলে ৩০ দিনীয়া বিনামূলীয়া মোবাইল সেৱা, আনলিমিটেড ফোন কলৰ সুবিধা, প্রতিদিনে 2GB মোবাইল ডাটা আৰু এশটা এছ এম এছ প্ৰেৰণৰ সুবিধা লাভ কৰিব। উৎসৱকালীন এই বিশেষ ৰেহাই আঁচনি ঘোষণা কৰি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবীয়ে কয়, যে সমগ্র দেশে একেলগে উৎসব উদযাপন কৰাৰ সময়ত এই এটকাৰ দীপাৱলী বনাঞ্জা প্লেনে মেক-ইন-ইন্ডিয়া ফ‘ৰ-জি প্লেনৰ সুবিধা লাভ কৰিব। তদুপৰি বি এছ এন এলে উৎসব উপলক্ষে অন্যান্য গ্রাহকসকলৰ বাবে সুবিধা হোৱাকৈও পাঁচটা নতুন প্লেন মুকলি কৰিছে।
Site Admin | October 18, 2025 12:28 PM | BSLN
উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ’ৰ-জি প্লেন মুকলি বি এছ এন এলৰ