ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 7, 2024 12:55 PM | BSF

printer

ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পৰ্কত বি এছ এফ আৰু বিজিবিৰ মাজত বৈঠক অনুষ্ঠিত

সীমান্ত সুৰক্ষা বাহিনী, বি এছ এফে বৰ্ডাৰ গার্ড বাংলাদেশ বিজিবিক ভাৰতীয় ভূখণ্ডত বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধ কৰিবলৈ কৈছে। দুয়োটা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ স্থিতি সম্পর্কে অলপতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিজিবিয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱাৰ আশ্বাস প্রদান কৰে। সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে এটা বিবৃতি যোগে কৈছে যে, ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতি সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকে । বাহিনীটোৱে লগতে সীমান্তৱৰ্তী এলেকাসমূহত বাস কৰা জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰিছে। বি এছ এফৰ জোৱানসকলে বি জি বিৰ সৈতে লগ লাগি আন্তঃৰাষ্ট্ৰীয় সীমান্তত ২৪ ঘণ্টাই পহৰা দি আছে বুলিও বাহিনীটোৱে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।