ব্ৰিটেইনৰ স্থায়ী উপ-সচিব অলিভাৰ ৰবিন্সৰ সৈতে বৈদেশিক সচিব বিক্রম মিশ্রীৰ বৈঠক

ব্ৰিটেইন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতি ঐক্য আৰু সমৰ্থন প্রকাশৰ বাবে ভাৰতে শলাগ লৈছে। বৈদেশিক সচিব বিক্রম মিশ্রীয়ে কালি ব্ৰিটেইনৰ স্থায়ী উপ সচিব অলিভাৰ ৰবিন্সৰ সৈতে হোৱা বৈঠকত নতুন দিল্লীয়ে প্ৰশংসা কৰাৰ কথা প্ৰকাশ কৰে। নতুন দিল্লীত অনুষ্ঠিত সপ্তদশ ভাৰত-ব্ৰিটেইনৰ বৈদেশিক কাৰ্যালয়ৰ আলোচনা আৰু প্ৰথম কৌশলগত ৰপ্তানি আৰু প্ৰযুক্তি সহযোগিতা সম্পৰ্কীয় বৈঠকৰ সময়ত বিদেশ সচিবগৰাকীয়ে এই কথা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ভাৰত আৰু ব্ৰিটেইন কৌশলগত বন্ধু আৰু ভাৰত-ব্ৰিটেইনৰ বৈদেশিক কার্যালয়ৰ আলোচনাই দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়টো পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰে। বৈদেশিক সচিব আৰু ব্ৰিটেইনৰ স্থায়ী উপ-সচিবগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু বিত্তীয় খণ্ড, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সন্ত্ৰাসবাদ নির্মূল, প্ৰযুক্তিৰ লগতে অন্যান্য খণ্ডত পৰস্পৰৰ সহযোগিতা শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।