জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ তীব্ৰ নিন্দা

ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৮০ সংখ্যক বৈঠকৰ সময়তে নিউয়ৰ্কত কালি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকৰ আয়োজন কৰা হয়। ২০২৬ চনত ভাৰত ব্ৰিকছৰ ভাবী অধ্যক্ষ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকতো ভাৰতে অধ্যক্ষতা কৰে। বৈঠকৰ পাছত হোৱা সংবাদমেলত বিদেশ মন্ত্ৰীসকলে যুটীয়াভাৱে দিয়া এখন বিবৃতিত যিকোনো ধৰণৰ সন্ত্ৰাসবাদকে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁলোকে সীমান্তত সন্ত্ৰাসবাদীসকলৰ আহ-যাহকে ধৰি সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা আৰু নিৰাপত্তা দিয়া সকলোধৰণৰ কাৰ্যৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কোনো ধৰ্ম, জাতি, সভ্যতা নাইবা স্থানীয় গোটৰ সৈতে সন্ত্রাসবাদ জড়িত হ’ব নালাগে বুলি তেওঁলোকে কয়। এনে কার্য সংঘটিত নাইবা সমৰ্থন কৰা যিকোনো লোককে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ আওতালৈ আনিব লাগে বুলিও বিদেশ মন্ত্রীসকলে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।