ডাউনলোড
মোবাইল এপ

android apple
signal

July 7, 2025 8:29 PM | BRICS

printer

ব্ৰীকচ্ শীৰ্ষ সন্মিলনত আজি বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন

ব্রাজিলৰ ৰিঅ’ ডি জেনেঅিত চলি থকা ব্ৰীকচ্ শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় দিনা পৰিবেশ, COP-30 আৰু বিশ্ব স্বাস্থ্যৰ সন্দৰ্ভত তিনিখন গুৰুত্বপূৰ্ণ সত্ৰৰ আয়োজন কৰা হৈছে। এই সত্ৰত উপস্থিত থাকি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিবেশ সম্বন্ধীয় কাৰ্যপন্থাৰ ক্ষেত্ৰত ভাৰতৰ গভীৰ দায়বদ্ধতাক দোহাৰিব। তেওঁ লগতে মানুহৰ হকে আৰু প্ৰকৃতিৰ হকে আমাৰ দেশে গ্ৰহণ কৰা উন্নয়ন আৰু বিকাশশীল পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰিব। শ্রীমোদীয়ে আন্তৰাষ্ট্ৰীয় সৌৰ সহযোগিতা, জৈৱ ইন্ধন সহযোগিতা, দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাথনিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে এই সত্ৰত আলোচনা কৰিব।

ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শীৰ্ষ সন্মিলনত শান্তি আৰু নিৰাপত্তা শীর্ষক এখন সত্ৰত ভাষণ দি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ ক্ষেত্ৰত কোনো সংকোচ কৰা উচিত নহয়। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বলি হোৱা লোক আৰু সন্ত্ৰাসবাদৰ সমৰ্থকসকলক একে শাৰীতে থ’ব নোৱাৰি। সন্ত্ৰাসবাদ এতিয়া মানৱতাৰ আটাইতকৈ গভীৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে ২২ এপ্ৰিলত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণে ভাৰতৰ আত্মা, পৰিচয় আৰু মৰ্যাদাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিলে।

কালি ব্ৰীকচ্ শীৰ্ষ সন্মিলনৰ প্ৰথম দিনা কাৰ্যসূচী সমাপনৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পৰ্ক সচিব দম্মু ৰবিয়ে কয়, যে ব্ৰীকচ্ নেতাসকলৰ ঘোষণা পত্ৰত গ্লোৱেল চাউথৰ প্ৰায়বোৰ সমস্যাকে সামৰি লোৱা হৈছে। সচিবগৰাকীয়ে কয়, যে ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ আটাইকেইখন দেশে পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমনক একেমুখে কঠোৰ ভাষাৰে গৰিহণা দিছে আৰু এইটো শীর্ষ সন্মিলনখনৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। শীৰ্ষ সন্মিলনখনৰ আন এখন সত্ৰত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোনো ৰাষ্ট্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অৰ্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ খনিজ সম্পদ, প্ৰযুক্তি আৰু যোগান শৃংখলাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। তেওঁ কয় যে, গুৰুত্বপূৰ্ণ খনিজ আৰু প্ৰযুক্তিৰ মাজত সহযোগিতাৰ বাবে নিৰাপত্তা আৰু যোগান শৃংখলাক পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো প্রয়োজন। একৈশ শতিকাত জনসাধাৰণৰ সুস্বাস্থ্য আৰু প্ৰগতি প্ৰযুক্তিৰ ওপৰত বিশেষকৈ কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃত্রিম বুদ্ধিমত্তাই এফালে দৈনন্দিন জীৱন ধাৰণ উন্নত কৰাৰ বিপৰীতে আনফালে এই প্রযুক্তিয়ে বিপদাশংকাও বৃদ্ধি কৰিছে।

অধিক পঢ়ক

সকলো চাওক