ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 10, 2024 1:30 PM | Brazil

printer

ব্রাজিলৰ চাও পাওলোত হোৱা বিমান দুর্ঘটনাত ৬১গৰাকী লোকৰ মৃত্যু

ব্রাজিলৰ চাও পাওলোতে কালি নিশা এখন যাত্রীবাহী বিমান দুর্ঘটনাগ্ৰস্ত হোৱাৰ ফলত যাত্রীসহ ৬১গৰাকী লোকৰ মৃত্যু হয়। বিষয়াসকলে জনোৱা মতে, দূৰ্ঘটনাৰ ফলত স্থানীয় কনড’মিনিয়াম কমপ্লেক্সৰ এটা আৱাস ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে কোনো বাসিন্দা হতাহত হোৱা নাই। ব্রাজিলৰ আঞ্চলিক বিমান সংস্থাৰ তথ্য অনুসৰি বিমানখনত ৫৭ জন যাত্ৰী আৰু চাৰিজন ক্রু মেম্বাৰ আছিল। দুটা ইঞ্জিনযুক্ত বিমানখন পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে ৰাওনা হৈছিল।