ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 19, 2024 12:53 PM | Brahamputra

printer

ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত

ৰাজ্যত প্ৰথমবাৰৰ বাবে কালি ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত কৰি ইয়াৰ গতিবিধি নিৰীক্ষণৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে। পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰাজ্যৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত এই প্ৰক্ৰিয়া আৰম্ভ কৰে। কুলশী নদীত শিহুৰ গাত প্ৰথমবাৰৰ বাবে এই চিপ সংযোগ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে ঐতিহাসিক বুলি অভিহিত কৰিছে। এই ব্যৱস্থাই প্ৰাণীবিধৰ গতিবিধি নিৰীক্ষণ কৰাৰ লগতে চোৰাং চিকাৰীৰ পৰা সুৰক্ষা প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।