ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 4, 2025 6:37 PM | bpf hagrama

printer

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিব

বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিব। শপতগ্রহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শপত গ্রহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ড° ৰবি কোটাই বিটিচিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ ১১ বজাৰ পৰা এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, বি টি চিৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত এন ডি এৰ অংশীদাৰী দল হ’ব বুলি শ্রীমহিলাৰীয়ে প্ৰকাশ কৰিছে। কিন্তু ইয়াৰ বাবে ইউ পি পি এলৰ সৈতে এন ডি এৰ সম্পৰ্ক ৰহিত হোৱাৰ চৰ্ত আৰোপ কৰিছে। এই চৰ্তই ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাৎপৰ্যপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা দেখা দিছে। শ্রীমহিলাৰীৰ শপতগ্রহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত ১০ গৰাকী পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপত্তা প্ৰদানত গুৰুত্ব আৰোপ কৰিব বুলিও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।