ডাউনলোড
মোবাইল এপ

android apple
signal

September 5, 2025 11:44 AM | Boxing

printer

লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়েৰে অভিযান আৰম্ভ পৱন বৰতৱাল, সাক্ষী আৰু সনামাচা চানুৰ

ভাৰতৰ পৱন বৰতৱাল, সাক্ষী আৰু থকচোম সনামাচা চানুৱে লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপছত জয়লাভ কৰি অভিযান আৰম্ভ কৰে। পুৰুষৰ ৫৫ কিলোগ্রাম ওজন শাখাত বতৱালে পেৰিছ অলিম্পিকত ভাগ লোৱা ব্ৰাজিলৰ মাইকেল ডগলাছ ট্ৰিণ্ডেডক ৩-২ ফলাফলত পৰাস্ত কৰে ৷

মহিলাৰ ৫৪ কিলোগ্রাম ওজন শাখাত সাক্ষীয়ে ইউক্রেইনৰ ভিক্টোৰিয়া স্কিউলক ৫-০ ফলাফলত পৰাস্ত কৰে। মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখান চানুৱে ডেনমাৰ্কৰ ডিটে ফ্ৰষ্টহলমৰ বিৰুদ্ধে ৪-১ ফলাফলত বিজয় সাব্যস্ত কৰে।

নৱগঠিত বিশ্ব বক্সিং পৰিষদৰ অধীনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপছৰ এই উদ্বোধনী সংস্কৰণলৈ ভাৰতে ২০ জনীয়া দল প্ৰেৰণ কৰিছে। দলৰ ১০ গৰাকী খেলুৱৈ সুবিধাজনক ড্র লাভ কৰিছে। ইয়াৰ ভিতৰত পুৰুষৰ ৭০ কিলোগ্রাম ওজন শাখাত পদক প্রত্যাশী হিতেশ গুলিয়াই, পুৰুষৰ ৬৫ কিলোগ্রাম ওজন শাখাত অভিনাশ জামৱাল, মহিলাৰ ৫১ কিলোগ্রাম ওজন শাখাত নিখত জাৰিন আৰু মহিলাৰ ৭০ কিলোগ্রাম ওজন শাখাত লাভলীনা বৰগোহাঁই অন্যতম। প্ৰথম ৰাউণ্ডত গুলিয়া, জামৱাল আৰু লাভলিনাই বাই লাভ কৰাৰ বিপৰীতে নিখত জাৰিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেনিফাৰ লোজানাৰ বিৰুদ্ধে খেলিব।

চেম্পিয়নশ্বিপছত এইবেলি প্ৰথমবাৰৰ বাবে পুৰুষ আৰু মহিলা উভয় শাখাৰ প্ৰতিযোগিতা একেলগে অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ৫৪৪ গৰাকীতকৈ অধিক খেলুৱৈয়ে ২০টা ওজন শাখাত অংশগ্ৰহণ কৰিছে।