August 4, 2025 12:26 PM | Boxing

printer

২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতাত ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেল ছেমি ফাইনেললৈ অগ্ৰসৰ

থাইলেণ্ডৰ ৰাজধানী বেংককত কালি অনুষ্ঠিত ২২ বছৰ অনুর্ধ বক্সিং প্রতিযোগিতা ২০২৫ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দীক যোগ্য প্ৰভুত্ত্যৰ প্ৰদৰ্শনেৰে ভাৱনা শৰ্মা আৰু য়াত্ৰী পেটেলে ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে।

মহিলাৰ ৪৮ কিল’গ্রাম শাখাত ভাৱনা শৰ্মাই ভিয়েটনামৰ প্ৰতিদ্বন্দী নাগ’ক লিন চি নাগ’ক পৰাস্ত কৰে। একেদৰে মহিলাৰ ৫৭ কিল’গ্ৰামৰ যুঁজত যাত্রী পেটেলে শ্রী লংকাৰ কীৰ্তাথানা উত্থায়াকুমাৰৰ বিৰুদ্ধে আত্মবিশ্বাসী প্ৰদৰ্শনেৰে শেষৰ চাৰিটা পৰ্য্যায়ত প্ৰৱেশ কৰি বিজয় সাব্যস্ত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।