সংসদৰ উভয় সদনৰ কাম-কাজ আজি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি উঠা অভিযোগক কেন্দ্ৰ কৰি শাসক আৰু বিৰোধী পক্ষই পৰস্পৰৰ বিপক্ষে অভিযোগ-প্ৰতি-অভিযোগ উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু কাৰ্য-ক্ৰমণিকা বাৰে বাৰে ব্যাহত হয়। এনে পৰিস্থিতিত উভয় সদনৰ সভাপতি দুগৰাকীয়ে কাৰ্য্য-ক্ৰমণিকা কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়।
লোকসভাত আজি কংগ্ৰেছ, ডি এম কে আৰু বিৰোধীপক্ষৰ অন্য দলৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক আৰু অন্য বিষয় লৈ সদন উত্তাল কৰি তোলে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে দুপৰীয়া সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’ল সংশোধনী বিধেয়ক-২০২৪ৰ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ চেষ্টা চলায় যদিও প্রতিবাদী সদস্যসকলে সদনৰ কামকাজৰ পৰিচালনাত থকা সভাপতিগৰাকীৰ অনুৰোধক আওকাণ কৰি প্ৰতিবাদ অব্যাহত ৰাখে আৰু তিনিবাৰকৈ কাৰ্য্য-ক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়।
ৰাজ্য সভাত আজি বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নাড্ডাই কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ অৱমাননা কৰা বুলি অভিযোগ তোলাৰ লগতে কংগ্ৰেছৰ একাংশ নেতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ ফাউণ্ডেছনৰ মাজত যোগসূত্ৰ থকাৰ অভিযোগ কৰে। শ্ৰীনাড্ডাই শাসকীয় পক্ষই সদনৰ কামকাজ চলাই নিয়াটো আৰু শূন্য কালত বিভিন্ন বিষয়লৈ আলোচনা অনুষ্ঠিত হোৱাটো বিচাৰে বুলি উল্লেখ কৰে। তেওঁ লগতে বিৰোধী দলসমূহে সুবিধা অনুসৰি নিজৰ স্থিতি সলনি কৰা বুলি অভিযোগ তোলে। সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে একে ধৰণৰ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেই বিজেপিয়ে কংগ্রেছক লৈ উত্থাপন কৰা সকলো অভিযোগ নস্যাৎ কৰে। তেওঁ লগতে শাসকীয় পক্ষৰ মনোভাৱত সন্দেহ প্ৰকাশ কৰে আৰু তেওঁলোকেহে সদনৰ কামকাজ চলাই নিয়াৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ তোলে। সভাপতি জগদীপ ধনখড়ে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সদনৰ পবিত্ৰতাৰ বাবে অপৰিহাৰ্য্য বুলি মন্তব্য কৰে আৰু দেশৰ বাবে ভাবুকিৰ সৃষ্টি কৰা প্ৰতিটো অপশক্তিকে চালুকীয়া অৱস্থাতে বিনাশ কৰাটো অতিশয় প্রয়োজনীয় বুলি উল্লেখ কৰে। সদনৰ অচলাৱস্থাৰ অন্ত পেলাবলৈ সভাপতিগৰাকীয়ে বিয়লি বিজেপিৰ জেষ্ঠ নেতা জে পি নাড্ডা, বিৰোধীৰ নেতা মল্লিকার্জুন খাৰ্গে আৰু আন কেইবাগৰাকীও বিৰোধী পক্ষৰ নেতাৰ সৈতে বৈঠকত মিলিত হয়। সদনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ উদ্দেশ্যে এই বৈঠকখন কাইলৈ পুৱাৰ ভাগত পুনৰ অনুষ্ঠিত হ’ব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।