ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 25, 2025 7:59 PM | Borpeta

printer

অশোক কুমাৰ দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে হত্যাৰ অপৰাধত আজি অশোক কুমাৰ দাস নামৰ এজন লোকক ১০ হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্ত ছমাহ সশ্ৰম কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায়ত উল্লেখ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ পালাংদিহাতীৰ বাসিন্দা দাসে ২০১৭ চনৰ ৮ আগষ্টত পত্নীক হত্যা কৰিছিল। হত্যাৰ গোচৰটোৰ কেইবালানি শুনানিৰ অন্তত উপযুক্ত তথ্য-প্রমাণৰ ভিত্তিত লোকজনক দোষী সাব্যস্ত কৰি আদালতে শাস্তিৰ ৰায় দিয়ে।