ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 22, 2024 8:08 PM | Borpeta

printer

বৰপেটাত জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত

বৰপেটা জিলা প্ৰশাসনে জলজীৱন অভিযানৰ অধীনত গ্ৰাম্য পানীযোগান আঁচনিসমূহৰ ক্ষেত্রভিত্তিক পৰ্যালোচনা অব্যাহত ৰাখিছে। দায়িত্বপ্রাপ্ত বিষয়াসকলে ক্ষেত্ৰ পৰিদৰ্শন কৰি আঁচনি পৰিচালনাৰে জড়িত জল ব্যৱহাৰকাৰীক সমিতিসমূহৰ কাম-কাজৰ মূল্যায়ন কৰিছে বুলি আজি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে সদৰি কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই আজি ঔমুৰা পানীযোগান আঁচনি পৰিদৰ্শন কৰি প্ৰকল্পটোৰ প্ৰাৰম্ভিক মূল্যায়ন কৰে। এই মূল্যায়নত পানীযোগানৰ ধাৰাবাহিকতা আৰু মান, শুল্ক সংগ্ৰহ আদি দিশবোৰ পৰীক্ষা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলক এই আটাইবোৰ দিশ সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।