উৎসৱৰ বতৰৰ পৰিপ্ৰেক্ষিতত ড০ শৰ্মাই বৰপেটাৰ আতচবাজী শিল্পক জীয়াই ৰাখিবলৈও সামাজিক মাধ্যমযোগে ৰাজ্য বাসীলৈ আহ্বান জনায়। সমাগত দিপাৱলীত থলুৱা আতচবাজী ফুটাই ব্যৱসায়ীসকলক উৎসাহিত কৰা উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত একাংশ সংগঠনে শব্দহীন দীপাৱলী পালন কৰিবলৈ আহ্বান জনোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে।
থলুৱা পাইকাৰী ফটকা ব্যৱসায়ীসকলে সংগঠনসমূহক আহ্বান প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। খিলঞ্জীয়া ব্যবসায়ী সন্থাৰ হৈ ব্যৱসায়ী জিতেন্দ্র শালৈয়ে কালি সংবাদমেল যোগে একাংশ দল-সংগঠনৰ শব্দহীন দীপাবলী উদযাপনৰ দাবী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। ইপিনে অৱশ্যে মাৰোৱাৰী সম্মিলনৰ লখিমপুৰ শাখা, মাৰোবাৰী সম্মিলনৰ মহিলা শাখা, লখিমপুৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী যুৱ মঞ্চ প্ৰগতি শাখাই সর্বসম্মতি ক্রমে দীপাৱলী পালন নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জনাই সংগঠন চাৰিটাই এই সিদ্ধান্ত গ্রহণ কৰিছে।