নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্ৱোধন কৰিব বড়োলেণ্ড মহোৎসৱ

নতুন দিল্লীৰ কে ডি যাদৱ ৰেষ্টলিং ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৬.৩০ বজাত বড়োলেণ্ড মহোৎসৱৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰিব। নিখিল বড়ো ছাত্র সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ প্ৰশাসনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। বড়োভূমিৰ কলা-সংস্কৃতি, ভাষা সাহিত্যৰ ভিন্ন দিশ প্ৰতিফলিত কৰাৰ উপৰি অঞ্চলটোৰ প্ৰতিষ্ঠা হোৱা শান্তিৰ পৰিৱেশ চিৰস্থায়ী কৰাৰ লক্ষ্যৰে এই মহোৎসৱ অনুষ্ঠিত হ’ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত হ’বলগীয়া এই মহোৎসৱত প্রধানমন্ত্ৰীৰ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য্য, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। কাইলৈ বড়ো সাহিত্য সভাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব। এই উপলক্ষে ৰাজঘাটৰ পৰা ইণ্ডিয়া গেটলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। সেইদিনা বিয়লি হ’বলগীয়া শিক্ষা সম্পৰ্কীয় আলোচনাচক্ৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ লগতে কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্রহণ কৰিব। বিয়লি ৫ বজাত সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ অধ্যক্ষতাত সংস্কৃতি আৰু পৰ্যটন বিষয়ত আলোচনা অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত উত্তৰ-পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰমুখ্যে বহুলোকে অংশগ্ৰহণ কৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।