ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বড়ো সাহিত্য সভাৰ বঁটা

বড়ো সাহিত্য সভাই বিগত বৰ্ষৰ ৰাংচাৰ সাহিত্যিক বঁটাৰ বাবে দতমাৰ বাসিন্দা থৰাইনা সহায়সুলি ব্ৰহ্মৰ নাম ঘোষণা কৰিছে। বড়ো সাহিত্য সভাৰ এখন বিজ্ঞপ্তিত কালি এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গংগাধৰ ৰামচিয়াৰীলৈ সোমেশ্বৰী ব্ৰহ্ম থুনলাই আৰি বঁটা, গোৱালপাৰাৰ ভূপেন দৈমাৰীলৈ ছানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা, গুৱাহাটী নুনমাটিৰ ৰত্নেশ্বৰ বসুমতাৰীলৈ সৰবাং সুবুং বিহুৰাম বড়ো সাহিত্যিক বঁটা, বাক্সাৰ কনক ৰামচিয়ালৈ হাব্ৰাঘাট বঁটা আৰু কোকৰাঝাৰৰ হল্টুগাঁও নিবাসী বিদাং মুছাহাৰীক সুবুংথিনি থান্দৈ ছহিদ বিনেশ্বৰ ব্ৰহ্ম মাউৰিয়া-হাউৰিয়া বঁটা প্ৰদান কৰা হ’ব বুলি জনোৱা হৈছে। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক স্বৰ্ণপ্রভা চৈনাৰীক ৰাজেন্দ্ৰলাল নাৰ্জাৰী সাহিত্যিক বঁটাৰ বাবে মনোনীত কৰাৰ লগতে পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰা একাধিক কৃতী ছাত্র-ছাত্রীকো উদগণিমূলক বঁটা প্ৰদান কৰা হ’ব বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে। বড়ো সাহিত্য সভাৰ সমাগত ডিমাকুছি অধিৱেশনত এই বঁটাসমূহ প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।