ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্রয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি শ্রদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বৰ্ধনা আৰু শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ১০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ লগতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ধর্মেন্দ্ৰ প্ৰধানৰ লগতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্রজিৎ শৰ্মা, ডিমাচা সাহিত্য সভাৰ সভাপতি ৰমেশ থাউছেণ্ড, গাৰো সাহিত্য সভাৰ প্ৰধান সম্পাদক জনকেৰি চাংমা আৰু মিচিং সাহিত্য সভাৰ প্ৰধান সম্পাদক সোমেশ্বৰ পকটাককে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ ১২ জানুৱাৰীৰ অন্তিম দিনাৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পাছত বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰ্থ নাৰ্জাৰীৰ সঞ্চালনাত হ’বলগীয়া মুকলি অধিৱেশনত অসম বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মেঘালয় আৰু ছিকিমৰ মুখ্যমন্ত্ৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ ল’ব। সামৰণিৰ দিনটোৰ মুকলি অধিৱেশনৰ কাৰ্যসূচীত আকাশবাণীৰ কোকৰাঝাৰ কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। নামনি অসমৰ শ্ৰোতাসকলে এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত এই অনুষ্ঠান শুনিব পাৰিব। অধিৱেশনৰ কালিৰ দিনটোত অ-বড়ো লোকসকলৰ সৈতে বার্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সন্দৰ্ভত এখন আলোচনা চক্র অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি দৈমাখুছি শীর্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে কালিৰ অনুষ্ঠানতেই ভিন ভিন লেখকৰ আন ৬৩খন গ্রন্থও উন্মোচন কৰা হয়।
Site Admin | January 11, 2025 1:33 PM | Boro Sahitya Sabha
বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠান
