জৈৱ ইন্ধন আৰু সেউজ হাইড্ৰ’জেনৰ বৰ্ধিত উৎপাদন আৰু ব্যৱহাৰৰ জৰিয়তে ভাৰত শক্তি ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ’ব পাৰেঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

জৈৱ ইন্ধন আৰু সেউজ হাইড্ৰজেনৰ বৰ্ধিত উৎপাদন আৰু ব্যৱহাৰৰ জৰিয়তে ভাৰত শক্তি ৰপ্তানিকাৰী দেশলৈ পৰিৱৰ্তিত হ’ব পাৰে। পুনেত কালি অনুষ্ঠিত ‘বিশ্ব জৈৱ ইন্ধন দিৱস’ত ‘জৈৱবৈচিত্র’ বা বায়’ভাৰ্চ’ মুকলি কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে কয়। শ্ৰী গাডকাৰীৰ মতে, জৈৱ ইন্ধন আন্দোলনে আমদানি হ্রাস কৰাৰ লগতে গ্রাম্য অর্থনীতি টনকিয়াল কৰিব। তেওঁ লগতে কয় যে কেৱল চেনি উৎপাদনৰ উদ্যোগৰ ওপৰত দীৰ্ঘদিন নিৰ্ভৰ কৰিব নোৱাৰি। কিন্তু চেনি উদ্যোগে ইথানল, জৈৱইন্ধন,আৰু সেউজ হাইড্ৰজেনৰ সন্দৰ্ভত গুৰুত্ব দিয়া উচিত। কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সেউজ হাইড্ৰজেনৰ লেখিয়া স্বচ্ছ শক্তি উৎপাদনৰ ক্ষেত্ৰত গৱেষণাৰ বিষয়তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে কৃষি আৱৰ্জনাসমূহক জৈৱইন্ধনলৈ ৰূপান্তৰ কৰাৰ প্রয়োজন। এই ইন্ধনত জৈৱ প্ৰাকৃতিক গেছ আৰু জৈৱ বিমান ইন্ধনকো অন্তভূক্ত হ’ব। শ্রী গাডকাৰীয়ে উদ্যোগসমূহক পৰাম্পৰাগত উৎপাদনৰ লগতে বিকল্প জৈৱইন্ধন উৎপাদনৰ বাবেও আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।