আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক তথা জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস’ নামৰ গ্ৰন্থ এখন আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উন্মোচন কৰা হয়। কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অগতানুগতিকভাৱে গীত-কথা আৰু অন্তৰংগ আলাপৰ মাজেৰে গ্ৰন্থখন উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট লেখিকা লীনা শর্মা, বিশিষ্ট কবি, গল্পকাৰ অতনু ভট্টাচাৰ্য, খ্যাতনামা সংগীত শিল্পী মিতালী দে’, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ, আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী, নাট্যকাৰ ঋতুপৰ্ণ দাস, জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, মনোৰম গগৈ, হেমন্ত বৰ্মনৰ লগতে আকাশবাণী আৰু আন আন ক্ষেত্ৰৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Assamese | January 25, 2025 7:58 PM | Book relese
গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সভাকক্ষত উৎপল কুমাৰ দাসৰ ‘এচকল জীৱন বিলাস’ উন্মোচন