চৰাইদেউ জিলাৰ পাটসাঁকোত যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ আজি অন্তিম দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ড০ ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁইক তেওঁৰ শৈক্ষিক আৰু বৌদ্ধিক অৱদানৰ স্বীকৃতিস্বৰূপে ২০২৬ বৰ্ষৰ স্বৰ্গদেউ ছুহুংমুং বঁটা প্ৰদান কৰা হয়। সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ পাটসাঁকো আঞ্চলিক সমিতি আৰু কেইবাটাও সামাজিক সংগঠনৰ যুটীয়া প্ৰচেষ্টাত আয়োজন কৰা গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ পৰা সঁহাৰি লাভ কৰা বুলি উদ্যোক্তাসকলে জনাইছে।
Site Admin | January 8, 2026 7:54 PM | Book Fair
যোৱা ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত পাটসাঁকো গ্ৰন্থমেলাৰ আজি সামৰণি