বঙাইগাঁৱৰ লোকনিৰ্মাণ বিভাগত কৰ্মৰত সহকাৰী অভিযন্তা জ্যোশিতা দাসৰ আত্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ বাবে ৰাজ্য চৰকাৰে মন্ত্ৰীসভাত লোৱা সিদ্ধান্তক বঙাইগাঁৱৰ নাগৰিক সমাজে আদৰণি জনাইছে। যোৱা ২২ জুলাইত কনিষ্ঠ অভিযন্তাগৰাকীৰ মৃতদেহ বঙাইগাঁৱৰ ভাৰাঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল। মৃতদেহৰ লগত উদ্ধাৰ হোৱা এটা হাতেলিখা টোকাত মৃত অভিযন্তাগৰাকীয়ে লোকনিৰ্মাণ বিভাগৰ আমিনুল ইছলাম আৰু দিনেশ শর্মা মেধি নামৰ দুগৰাকী জ্যেষ্ঠ অভিযন্তাই মানসিক নির্যাতন চলোৱাৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ লগতে এখন কনচাল্টেন্সি ফাৰ্মৰ অভিযন্তা দেৱজিত্ শৰ্মা আৰু বঙাইগাঁৱৰ বৰ্ষণগাঁৱত নির্মীয়মান ষ্টেডিয়ামৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ নামো টোকাটোত উল্লেখ আছিল। মৃত অভিযন্তাগৰাকীয়ে ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বৰ্ষণগাঁৱৰ ষ্টেডিয়ামৰ কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰ পাঠকৰ বিল মুকলি কৰিবলৈ জ্যেষ্ঠ অভিযন্তা আমিনুল ইছলাম আৰু দিনেশ শর্মা মেধিয়ে মানসিক হেঁচা প্ৰদান কৰাৰ ভিত্তিতে আত্মহত্যা কৰিবলগীয়া হল বুলি টোকাটোত উল্লেখ কৰিছিল। যোশীতা দাসৰ টোকা অনুযায়ী বঙাইগাঁও আৰক্ষীয়ে লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ অভিযন্তা দুজনৰ লগতে অভিযন্তা দেৱজিত শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বঙাইগাঁও আৰক্ষীয়ে তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ এছ আই টি গঠন কৰি ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ অভয়াপুৰীৰ বাসভৱনত তালাচী চলাই নথিপত্র জব্দ কৰে। আজি ঘটনাৰ তদন্ত নিৰপেক্ষ আৰু খৰতকীয়াভাৱে আগবঢ়াবলৈ ৰাজ্যিক মন্ত্রীসভাই চি বি আইক দায়িত্ব অর্পণ কৰে ।
Site Admin | July 31, 2025 8:08 PM | bongaigoan
জ্যোশিতা দাসৰ আত্মহননৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়াৰ সিদ্ধান্তক বঙাইগাঁৱৰ নাগৰিক সমাজৰ আদৰণি
