কাশী-তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয়, বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্কঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে কাশী আৰু তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয় বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্ক, যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষক একত্ৰিত কৰি ৰাখিছে। তেওঁ কয়, যে এনে ধৰণৰ আদান-প্রদানে ভাৰতৰ ঐতিহ্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ভাৱনাক সুদৃঢ় কৰে। মহাকবি সুব্ৰমন্য ভাৰতীৰ উদ্ধৃতি দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কাশী তামিল সংগমমে একত্রিত, সংহত আৰু আত্মবিশ্বাসী ভাৰত সম্পর্কে মহাকবিগৰাকীৰ দৃষ্টিকোণক প্ৰতিফলিত কৰিছে। তেওঁ কয়, যে বৰ্তমান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী আদৰ্শৰ জৰিয়তে কবি ভাৰতীৰ সপোন বাস্তৱায়িত হৈছে। অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে কাশী তীৰৰ পৰা আৰম্ভ হৈ ৰামেশ্বৰমৰ তীৰত সম্পন্ন হ’বলগীয়া কাশী তামিল সংগমম কার্যসূচীয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাক অধিক সুদৃঢ় কৰে আৰু জনসাধাৰণ, সংস্কৃতি তথা অতীতৰ সম্পৰ্কসমূহক অধিক শক্তিশালী কৰিছে।