ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্য চৰকাৰৰ উদ্যোগত ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ আজি সামৰণি উপলক্ষে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰৰ পৰা সজাগতা সমদল উলিওৱা হয়। সমদলত অংশ লোৱা লোকসকলে ৰাষ্ট্ৰীয় উদ্যানখন আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে শ্লোগান দিয়ে।

ৰাজ্য চৰকাৰৰ উদ্যোগত দক্ষিণ কামৰূপৰ কুলশীত আজি ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। যোৱা ১ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত আজি বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুলশী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে গছপুলি ৰোপন আৰু শিক্ষাৰ্থীসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বন মন্ত্ৰীগৰাকীৰ উপস্থিতিত তিয়ামাৰী থানত এখন মুকলি সভা অনুষ্ঠিত হয়। এই সভাত পৰিবেশ সম্পৰ্কীয় চাৰিখন গ্ৰন্থ উন্মোচন আৰু এটা পোৰ্টেল মুকলি কৰা হয়।

৭৬ সংখ্যক বন মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি উত্তৰ লখিমপুৰ বন সংমণ্ডলত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পৰিবেশ সুৰক্ষা আৰু গছপুলি ৰোপনৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগতা সৃষ্টি কৰা হয় ৷

 

অধিক পঢ়ক

সকলো চাওক