ডাউনলোড
মোবাইল এপ

android apple
signal

বোকাখাতত সামূহিক উন্নয়ন আঁচনিৰ অধীনত গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী

পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি বোকাখাতত সামূহিক উন্নয়ন আঁচনিৰ অধীনত গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী ২৮০ গৰাকী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।