ডাউনলোড
মোবাইল এপ

android apple
signal

April 9, 2025 7:57 PM | Bohagi Mela

printer

ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ সহযোগত ৰাজ্যৰ বিভিন্ন ঠাইত অসমী ব’হাগী মেলা-২০২৫ অনুষ্ঠিত হৈছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত আজি তিনিদিনীয়া কাৰ্যসুচীৰে এই মেলাৰ শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক ৰূপসিং তেৰণে আনুষ্ঠানিকভাৱে মুকলি কৰা এই মেলাত বিভিন্ন চৰকাৰী বিভাগৰ বিপণীৰ লগতে বিশেষভাৱে সফলতা লাভ কৰা আত্মসহায়ক গোটসমূহৰ দ্বাৰা প্ৰস্তুত সামগ্ৰীৰ বিক্ৰী তথা প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত জিলাখনৰ ৩ হাজাৰ ২৯৫টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। মেলাখন উদ্বোধন কৰি বিধায়ক তেৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব’হাগী মেলা আয়োজনৰ ক্ষেত্ৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। হাটশিঙিমাৰীতো আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অসমী ব’হাগী মেলা অনুষ্ঠিত হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই আনুষ্ঠানিকভাৱে আজি এই মেলা উদ্বোধন কৰে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰী তথা বিক্রী এই মেলাত ৩০ খন বিপণী মুকলি কৰা হৈছে। অসমী ব’হাগী মেলাৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী আৰু আত্মসহায়ক গোটসমূহৰ মাজত পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা, বিহু নাচ, পৰম্পৰাগত সাজপাৰ, লোকগীত আৰু আধুনিক গীতৰ প্রতিযোগিতা, আলোচনা চক্ৰ আদি কাৰ্যসূচী হাতত লোৱা হৈছে।

কোকৰাঝাৰতো চাৰিদিনীয়াকৈ অসমী ব’হাগী মেলা বা বৈশাগু মেলা অনুষ্ঠিত হৈছে। তিতাগুৰিৰ ইৰাগদাও কমিউনিটি হলত অনুষ্ঠিত এই মেলাত স্থানীয় আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰি উলিওৱা বাৰেৰহণীয়া থলুৱা সাংস্কৃতিক সামগ্ৰীৰ প্ৰয়োভৰ দেখিবলৈ পোৱা গৈছে।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত দৰং জিলা প্ৰশাসনৰ সহযোগত মঙলদৈত ব’হাগী মেলা অনুষ্ঠিত হৈছে। জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে আজি এই মেলা উদ্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক