January 10, 2026 6:59 PM | bodo shitya sabha

printer

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত স্মৃতিগ্রন্থ উন্মোচন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত স্মৃতিগ্রন্থ উন্মোচনৰ লগতে বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত শ্রীদৈমাৰীয়ে বড়ো সাহিত্য সভাই বড়ো ভাষা সাহিত্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ লগতে শিক্ষা সংস্কৃতিৰ দিশত উল্লেখনীয় কাম কৰিছে বুলি সাংবাদিকৰ আগত প্রকাশ কৰে।

কাইলৈ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।