ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 9, 2025 8:28 PM | Bodo Sahitya Sabha

printer

চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন আৰম্ভ

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি অধিৱেশনৰ মূল তোৰণ আৰু সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড০ ৰীতা বড়োৱে খেংখ্ৰাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ৰাখি গঢ়ি তোলা বড়ো লিটাৰেৰী পায়’নিয়াৰ পাৰ্কখন সাহিত্য অকাডেমী বঁটাপ্রাপক নবীন মল্ল বড়োৱে উদ্বোধন কৰে।

কাইলৈ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অ-বড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা সম্পর্কে এখন আলোচনা চক্র অনুষ্ঠিত হ’ব। বড়ো সাহিত্য সভাৰ সভাপতি ড° সূৰ্থ নাৰ্জাৰীৰ সঞ্চালনাত হ’বলগীয়া আলোচনা চক্ৰখনত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন আৰু বড়ো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কাইলৈ ডিমাকুছি শীর্ষক এখন স্মৃতি গ্রন্থও উন্মোচন কৰিব। ইয়াৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে বিশেষ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আবেলি সাহিত্য অকাডেমী বঁটাপ্ৰাপক নন্দেশ্বৰ দৈমাৰীয়ে কবি সন্মিলনৰ উদ্বোধন কৰিব।