ডাউনলোড
মোবাইল এপ

android apple
signal

June 14, 2025 7:57 PM | Blood Donor Day

printer

ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন

ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। এইবাৰৰ ৰক্তদাতা দিৱসৰ বাণী হল তেজ দিয়ক, আশা দিয়ক, সকলোৱে মিলি জীৱন ৰক্ষা কৰক। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত পালন কৰা বিশ্ব ৰক্তদাতা দিৱসত কুৰিগৰাকী লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে। ৰক্তদান কৰাসকলৰ ভিতৰত সৰ্বাধিক ৩১ বাৰ ৰক্তদান কৰা দাতাও আছিল। ৰক্তদাতা দিৱস সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ডাঃ বিভূতি ভূঞাই সকলো সুস্থ লোককে ৰক্তদান কৰিবলৈ আহ্বান জনায়। চিকিৎসকগৰাকীয়ে লগতে ৰক্তদান কৰিলে দেহৰ ক্ষতি হব বুলি বহুতৰে ভ্ৰান্ত ধাৰণা থকা বুলি প্ৰকাশ কৰে ।

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়তো ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। অসম ৰাজ্যিক ৰক্ত পৰিবহন পৰিষদৰ অধীনত ডি আৰ বি জিলা অসামৰিক চিকিৎসালয়, মুছলপুৰৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত তামুলপুৰ জিলা প্ৰশাসন, ভাৰতীয় সেনাৰ ১০৭ এ টি এন ব্রিগেড আৰু জিলা স্বাস্থ্য সমাজ তামুলপুৰৰ সহযোগত অনুষ্ঠিত কৰা হয়। ৰক্তদান শিবিৰত চৰকাৰী বিষয়া, সেনাবাহিনীৰ কৰ্মচাৰীৰ লগতে স্থানীয় লোকে উৎসাহেৰে অংশগ্ৰহণ কৰে।
     
বিশ্বনাথ জিলাৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগতো বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। চিকিৎসালয়খনত ৰক্তদানৰ জনসচেতনতামূলক শোভাযাত্ৰাৰ লগতে এখন জনসভা অনুষ্ঠিত হয়। সভাখনত কনকলতা অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ ৭গৰাকী পুৰুষ স্বেচ্ছাসেৱী ৰক্তদাতা আৰু দুগৰাকী মহিলা স্বেচ্ছাসেৱী ৰক্তদাতাক অভিনন্দন জনোৱা হয় ।

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে ধেমাজি অসামৰিক চিকিৎসালয় আৰু ধেমাজি ৰক্তকেন্দ্ৰৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা সেৱা বাহিনীৰ সহযোগত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত ১৫জনৰো অধিক ৰক্তদাতাই স্বেচ্ছাই ৰক্তদান কৰে।

অধিক পঢ়ক

সকলো চাওক