গোলাঘাট জিলাত বিজেপি আৰু অসম গণ পৰিষদে যৌথভাৱে আয়োজন কৰা ৰক্তদান শিবিৰ বিত্ত মন্ত্রী অজন্তা নেওগে মুকলি কৰে। এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্রসাদ তাছা, জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত থাকে। ধেমাজি জিলাৰ স্বাস্থ্য ভৱনত আয়োজিত কার্যসূচীত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি জনসাধাৰণক ৰক্তদান কৰিবলৈ উৎসাহিত কৰে। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ পিয়লি নগৰত আয়োজিত কাৰ্যসূচীত মন্ত্রী বিমল বৰাই ৰক্তদান কৰে। হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজিত ৰক্তদান শিবিৰত ৫০ৰো অধিক লোকে ৰক্তদান কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বিশ্বনাথ জিলাত আয়োজন কৰা ৰক্তদান শিবিৰত ১০০ গৰাকীতকৈ অধিক লোকে ৰক্তদান কৰে। ৰক্তদান কাৰ্যসূচীৰ লগতে জিলাখনৰ কমলাকান্ত নাট্য সমাজে অঞ্চলটোত ৫৩ জোপা নাহৰ পুলি ৰোপণ কৰে। ৰক্তদান শিবিৰত বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল উপস্থিত থাকে। চৰাইদেউ জিলাৰ সোণাৰিৰ টীয়ক চাহ বাগিছা প্রেক্ষাগৃহত জীবন সুৰভি শীর্ষক এটা ৰক্তদান শিবিৰত ৰাজ্যৰ পৰিবহন, পার্বত্য অঞ্চল উন্নয়ন আদি বিভাগৰ মন্ত্রী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে।
সৰভোগত আজি প্রয়াত শিল্পীগৰাকীৰ এটি পূর্ণাংগ মূর্তি উন্মোচন কৰা হয়। গ্রামোন্নয়ন মন্ত্রী ৰণজিৎ কুমাৰ দাসে এই প্রতিমূৰ্তটো উন্মোচন কৰে। শিল্পী জুবিন গাৰ্গৰ ওপজা দিন উপলক্ষে গোৱালপাৰা জিলা সাংবাদিক সন্থাই বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে।
কাইলৈ গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠানৰ খেলপথাৰত ৰাজ্যখনৰ ২০০ৰো অধিক শিল্পী আৰু কলা-কুশলীয়ে জুবিন গাৰ্গৰ কুৰিৰো অধিক গীত পৰিবেশন কৰিব। এই অনুষ্ঠানৰ আজি আখৰা সম্পূৰ্ণ হয়।