ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2025 12:29 PM | Black day

printer

৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ ১৭ বছৰ সম্পূর্ণ

ৰাজ্যত ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ আজি ১৭ বছৰ সম্পূর্ণ হৈছে। গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা ৰোডত সংঘটিত বোমা বিস্ফোৰণত বহু লোকে প্রাণ হেৰুৱাইছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উগ্রপন্থীৰ দ্বাৰা সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্রাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্রদ্ধাঞ্জলি জনাইছে। মুখ্যমন্ত্রীয়ে উগ্রপন্থীৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱাৰ উপৰি বহু লোকক চিৰদিনৰ বাবে ঘূণীয়া কৰা এই বিস্ফোৰণৰ ঘটনাৰ কথা উল্লেখ কৰি আহত প্ৰতিগৰাকী ব্যক্তি আৰু আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। গুৱাহাটী মহানগৰীৰ গণেশগুৰিত মৃত্যু হোৱা লোকসকললৈ শ্রদ্ধাঞ্জলি জনাই বস্তি প্রজ্বলন কৰা হ’ব। সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি বোমা বিস্ফোৰণত নিহত সকললৈ বস্তি প্রজ্বলনেৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।