পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিৰ ৪০জন তাৰকা নির্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত দলৰ হৈ প্ৰচাৰ চলাবলৈ বিজেপিয়ে ৪০ জন তাৰকা নির্বাচনী প্ৰচাৰকৰ নাম প্ৰকাশ কৰিছে। দলটোৱে প্ৰকাশ কৰা তাৰকা নিৰ্বাচনী প্ৰচাৰকসকলৰ নাম হ’ল- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰঞ্জিত দত্ত, কৃপানাথ মাল্লা, ভুৱনেশ্বৰ কলিতা, পৰিমল শুক্লবৈদ্য, মিছন ৰঞ্জন দাস, প্ৰদান বৰুৱা, বিজুলী কলিতা মেধি, ৰামেশ্বৰ তেলী, বিজেপি নেতা হৰিশ দ্বিবেদী, ড০ ৰাজদ্বীপ ৰায়, বিধানসভাৰ অধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, পীযূষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিমল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, ৰূপেশ গোৱালা, অশোক সিংহল, নন্দিতা গালোচা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু প্ৰশান্ত ফুকনৰ লগতে তুলিৰাম ৰংহাং, তপন গগৈ, পল্লৱলোচন দাস, পুলক গোহাঁই, দিপ্পুৰঞ্জন শৰ্মা, অশ্বিনী ৰায় সৰকাৰ, দোলেন নায়ক, শান্তিয়াছ কুজুৰ, কিশোৰ উপাধ্যায়, বলেন্দ্ৰ বসুমতাৰী।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।