ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক অৱমাননা আৰু অপমান কৰাৰ প্ৰয়াস চলাই আহিছেঃ বিজেপিৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদী

বিজেপিয়ে কৈছে যে নিৰ্বাচন আয়োগে যিধৰণে কংগ্ৰেছ দলৰ ভিত্তিহীন অভিযোগৰ উত্তৰ দিছে তাৰ পৰা দলটোৱে যে ক্ষমতাৰ লালসাৰ বাবে অবিৰতভাৱে অভিযান চলাই আহিছে সেই কথা স্পষ্ট হৈ পৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কয় যে, কংগ্ৰেছে সাংবিধানিক প্রতিষ্ঠানসমূহক অৱমাননা আৰু অপমান কৰাৰ প্ৰয়াস চলাই আহিছে আৰু এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। তেওঁ কয় যে কংগ্ৰেছৰ যে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি অকণো আস্থা নাই সেয়া জলজল পটপট হৈ পৰিছে। কংগ্ৰেছে ভাৰতীয় ব্যৱস্থাক দুৰ্বল কৰি তোলাৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলি শ্রীত্রিবেদীয়ে অভিযোগ কৰে। তেঁও কয় যে, ইয়াৰ বাবে অকল নিৰ্বাচন আয়োগৰ ওচৰতে নহয় বৰং সমগ্ৰ দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা খোজা উচিত। নির্বাচন আয়োগে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ অনিয়ম হোৱা বুলি কংগ্ৰেছ দলে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰিছে। আয়োগে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত নিৰ্বাচন আৰু ভোটগণনাৰ দৰে স্পৰ্শকাতৰ মুহূৰ্তত এনেধৰণৰ ভিত্তিহীন আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰাৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দলসমূহক সকীয়াই দিছে।