অৰুণাচল প্ৰদেশৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত শাসনাধিস্থিত বিজেপিৰ বৃহৎ জয়

অৰুণাচল প্ৰদেশৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত শাসনাধিস্থিত বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে। যোৱা ১৫ ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনত জিলা পৰিষদ আৰু গাঁও পঞ্চায়তৰ গৰিষ্ঠসংখ্যক আসন বিজেপিয়ে লাভ কৰিছে। দলটোৱে লগতে ইটানগৰ পৌৰ নিগমৰ নিৰ্বাচনত ২০ টা ৱাৰ্ডৰ ভিতৰত ১৪ টাতে জয়লাভ কৰিছে। অৱশ্যে পাচিঘাট পৌৰ পৰিষদত আঞ্চলিক দল পিপলছ পাৰ্টী অৰুণাচলে আঠটা ৱাৰ্ডৰ পাঁচটা জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে এটা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এটা ৱাৰ্ডত জয়লাভ কৰে। বিৰোধী দল কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সমৰ্থ নহ’ল। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দলৰ এই জয়ৰ বাবে ভোটদাতাসকলৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। ৰাজ্যিক নির্বাচন আয়োগে যোৱা নিশা ঘোষণা কৰা চূড়ান্ত ফলাফল অনুসৰি জিলা পৰিষদত বিজেপিয়ে ২৪৫ খন আসনৰ ভিতৰত ১৭০ খন আসন লাভ কৰিছে। ইয়াৰে ৫৯ জন বিনা প্রতিদ্বন্দ্বীতাৰে জয়ী হৈছে। পিপলছ পাৰ্টী অব অৰুণাচলে ২৮ খন আসন লাভ কৰি দ্বিতীয় সর্ববৃহৎ দল হিচাপে পৰিগণিত হয়। ইপিনে কংগ্ৰেছে কেৱল সাতখন আসনতহে জয়লাভ কৰিবলৈ সমৰ্থ হয়। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনবাড কে চাংমা নেতৃত্বাধীন নেচনেল পিপলচ্ পাৰ্টীয়ে পাঁচখন আসনত জয়লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় আৰু অন্যান্য প্ৰাৰ্থীয়ে মুঠ ২৩ খন আসন লাভ কৰে। গাঁও পঞ্চায়তৰ নিৰ্বাচনতো বিজেপিয়ে একে ধাৰা অব্যাহত ৰাখি আঠ হাজাৰ ২০৮ খন আসনৰ ভিতৰত ছহেজাৰ ৮৫ খনত জয়লাভ কৰে। ইয়াৰে পাঁচ হাজাৰ ২১১ খন আসনত বিজেপি প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বীতাৰে জয়লাভ কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়ত নিৰ্বাচনত সুশাসনৰ ৰাজনীতিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ধন্যবাদ জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে এই জয়ে ৰাজ্যখনৰ ৰূপান্তৰৰ বাবে কাম কৰি যোৱাৰ ভাৱনাক অধিক শক্তিশালী কৰিছে। তেওঁ লগতে জনসাধাৰণৰ মাজত বিৰামহীনভাৱে কাম কৰাৰ বাবে বিজেপিৰ কৰ্মকৰ্তাসকলৰ শলাগ লয়।