January 19, 2026 12:00 PM | BJP

printer

আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে. লক্ষ্মণে প্রকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কার্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত হব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা পৰ্যবেক্ষণ কৰা হব। সন্ধিয়া ৬ বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্রয়োজনত কাইলৈ নির্বাচন অনুষ্ঠিত হব। কাইলৈয়ে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হব। সম্প্রতি কেন্দ্রীয় মন্ত্রী জগতপ্রকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কার্যনির্বাহ কৰি আছে। শ্রীনাড্ডাক ২০১৯ চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু ২০২০ চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল।